আশাবোৰ শেষ হৈ গ'লেওঁ
আকৌ নতুন আশা লৈ
জীয়াই থকাৰ প্ৰয়াসেই চাগে
জীৱন.....।

মৰমবোৰৰ সীমা পাৰ হোৱাৰ পিছতো
আকৌ মৰমৰ প্ৰত্যাশাই চাগে
ভালপোৱা ।।

সপোন দলিছাত দুখে ঢুকি নোপোৱাকৈ
সুখৰ আৱৰণখনত উজলি থকাৰ
বাসনাত , নিজক জীয়াই ৰখাৰ
হেপাঁহেই চাগে জীৱন ।

যন্ত্ৰনাময়ী জীৱনৰ সংজ্ঞা
মোৰ দৃষ্টতাত অস্পষ্ট ।
নিদৰ্শনকাৰীৰ স্পষ্ট
নিদৰ্শনাই কয় , মই হেনো স্বাৰ্থপৰ ,
আকৌ এচামে কয় , মই হেনো  যুক্তিবাদী
এচামে আকৌ কয় , মই হেনো অহংকাৰী
আন এচামে আকৌ কয় , মই হেনো সৰলতাৰ
এটা জিলিকি থকা মূৰ্ত্তি ।

পিছে মোৰ উত্তৰ  সদায় এটাই ,
মই মানুহ , মানৱতা মোৰ ধৰ্ম ।
সততা , বিশ্বাসৰ বন্দিশালত
বন্দীত এগৰাকী সচাঁ যোদ্ধা মই ।

মই যে নুশুনো , আনে কি কয়
মোৰ বিষয়ে , মই নিজেই যি
সেয়াই যে প্ৰকৃতি মোৰ ।

এয়াই সংজ্ঞা মোৰ জীৱনৰ ।

  

✍ জিন্টু দাস, বাক্ছা