মোৰ জীৱন
 বোৱতী নৈ খনৰ .........
নীসংগতা আৰু নীৰৱতা এতিয়া
মোৰ সতে মিলি যোৱা,
চুটি নিৰবধি নিজৰা....।
মোৰ বুকুৰ মাজত ধুমুহা বৰষুণৰ এক তাণ্ডব নৃত্যৰ কবলত ,
এখন পাল টৰা নাও....!
জানা ....,,
দুবু দুবু নাওখন
মই মোৰ বুকুত
এতিয়াও ডুবি যাবলৈ দিয়া নাই..!
ভাবিছোঁ .....!!
নীসংগতা আৰু নীৰৱতাৰ প্ৰাচিৰ ভাঙি কওঁ নেকি ....?
সিহঁতক নেমাৰিবা!!
মৰি যাবলৈ নিদিবা...!
নহলে মোৰ জীৱন নৈখনৰ...,
কোনো মাধুৰ্য্যতাই নেথাকিব
নীসংগতা আৰু নীৰৱতাৰ কথা নেমানি ,,
হঠাৎ মই চিঞৰি দিলোঁ.....!
হেৰা ধুমুহা তুমি জোৰকৈ...। নবলিবা
আৰু নিজৰা বোৰ ......?
তোমালোককো কৈছোঁ ....,
পাহাৰৰ সোঁত বোৰ
মোৰ বুকুলৈ বৰ খৰস্ৰতাৰে ,
লৈ নাহিবা
পালটৰা নাওখন মই বচাব লগিব , জানা...?
কিয়নো নাওখনত আছে ,....
ধৰাক নৱ প্ৰজন্মই ধৰি ৰাখিব পৰা এটা সুন্দৰ ভবিষ্যত...!
তেহেলৈ কৈছোঁ , দহোকুৰি
নাওখন তোমালোকে বচোৱা.....!

 

শ্ৰী ৰমনী ভূঞাঁ, নলবাৰী