ভবা নাছিলো মোৰ হৃদয়ত 

আকৌ প্ৰেমৰ ফুল ফুলিব,

ভবা নাছিলো অস্থিৰ মনটোরে 

আকৌ এবাৰ কাৰোবাৰ অপেক্ষাত থাকিব;

কাৰোবাৰ আগমনে যে মোৰ 

শুকান হৃদয়খন জিপাল কৰি তুলিব,


মই নজনাকৈয়ে মোক ব্যাকুল কৰি পেলালা

প্ৰেম নামৰ বিশাল সাগৰখনত ,

তোমাৰ হাহিটিয়ে মোক আকৌ

এবাৰ হাহিব শিকাইছে !

আজি মোৰ জীৱনৰ লক্ষ্য,উদ্দেশ্য সকলো হৈ পৰিছে মাথো ,

"তুমি" 


-DEEPJYOTI DEKA