এটুপি দুটুপি মৰম বৃষ্টিৰে , 

মোৰ সৰোবৰ উপচাই দিলা ।

যেন ফুটুকাৰে উপচি আহিছে ,

মৰমৰ একাজলি ঢল ,

অবুজ সিহৰণ আৰু কিছু

তুমি তুমি লগা এপাচি দুপাচি সুখ ।

অব্যক্ত মৰমেৰে বোৱাই আনিলা ,

মোৰ প্ৰেম মন্দিৰৰ যোৱাৰ ।


এদিন উটি যাম 

মন চঞ্চল কৰা ,

আমাৰ প্ৰণয়ৰ ৰাজকাৰেংলৈ ।

তোমাৰ মোৰ কথাৰে ,

এখনি স্বৰ্গ ৰচিম ।

এটি এটি কল্পনাৰে ,

বোৱাই আনিম ,

আকুল কৰা মৰম গভীৰ নিজৰা ।।


পূৰবী দেৱী ,,