মোৰ স্মৃতিৰ পটত পিতাইৰ ছবিখনে
দোলা দিয়েহি প্ৰতিটো ক্ষণত,
তোমাৰ আঁচলৰ আঁৰে আঁৰে লুকুৱা দিনবোৰলৈ,
মনত পৰে তোমাৰ হাতৰ মুঠিত মোৰ আঙুলি
নিৰ্ভয় ভৰসাৰে খোজকঢ়াৰ পণবোৰলৈ,
নিশ্চয়তাৰে ভৰা তোমাৰ নি:স্বাৰ্থ দায়বদ্ধতা বোৰ |
যদি কেতিয়াবা
আকুল বিকুল স্নেহৰ উমাল আলফুল বোৰ ,
কেতিয়াবা হয়টো মেঘৰ গৰ্জন সদৃশ কৰ্কশ শব্দৰ
স্ফুলিংগ |
জানা পিতাই !
দুপৰ নিশাৰ চিৰিৰে বাগৰি যোৱা ৰেলৰ কম্পনত
তোমাক সাৱতি ধৰা স্মৃতিয়ে মনত কোবাই ,
ধূলি মাকতিৰ ধেমালীৰ মাজতে
তোমাৰ বুকুৰ মাজত শান্তিৰ নিশ্বাস এৰাৰ দৃশ্যপট
এতিয়াও সজীৱ হৈ আছে মোৰ মনত |
কেতিয়াবা তোমাৰ স্মৃতিয়ে খুন্দিয়াই বৰকৈ,
যেতিয়া মোৰ নৰীয়া দেহাত উৰে নিশা তুমি,
তোমাৰ থৰ লগা নিদ্ৰাহীন চকুযোৰি ,
গীত গাই নিচুকাই থকা ক্ষণবোৰলৈ,
মনত আছে মোৰ ৰোগ্নদেহাত টোপা টোপে পৰা
তোমাৰ চকুৰ তপত লোটক বোৰ,
আৰু তোমাৰ উচুপনিৰ শব্দবোৰ এতিয়াও বাজে
মোৰ কৰ্ণত |
অতীতৰ বুকুতেই নিৰৱে তুমি বিলীন হৈ গ'লা
পাৰ্থিৱ জীৱনৰ সকলো মায়া সামৰি,
উপায়েবা পাওঁ ক'ত তোমাক পুনৰ কাষতে পোৱাৰ,
এতিয়া মাজে মাজে বুকুখন বিষাই,
তোমাক পোৱাৰ আশাহীন প্ৰত্যাশা বুকুত লৈ,
মাথো উচুপি উঠু,
মনত পেলাওঁ নিৰৱে
নিৰাশ্ৰয়ৰ অনুভূতিৰে |

মৃণালজিৎ যোৰহটীয়া, যোৰহাট