অধৰত ছবি অকাঁ সেয়া যে

মৰমত নিতাল মৰা দিনৰেই কথা!

"তাই" ঠিকনাত লিখিছিল

মোৰ হাবিতলিয়া বুকুৰ পৰিধি ।

"তাইৰ" হৃদয়ৰ কেনভাছত ৰং বুলাবলৈ

ঈশানভেদী যাত্ৰী মই।


এতিয়া যেন সেয়া দুচকুত উপঙি থকা 

মোৰ সপোনৰ মৰিশাঁলি ।

চকুলোবোৰ পাৰ ভাঙি নদী হোৱা 

নিশাৰ সাধু,,

কিন্তু মোৰ যে তাই আজন্মৰ 'তেজীমলা' ।


আজি বিশেষজনাৰ চকুত

কিমান দুৰ সপোন শিপাঁই ?

খেপিয়াই চালে তাতেই 

মৰমৰ অৱশেষবোৰ পাবা ।

চিতাভস্মবোৰ আছে !

থাকক!

স্মৃতিবোৰ থুপ খোৱাই ৰখা সজাঁটি

খুব ডাঙৰ ।

মই যে এটি প্ৰেমিক চৰাই ।।


সিহঁতৰ হেপাঁহৰ নঙলাত

কাঁচি জোন হৈ ৰ লাগি চাম! 

"তাইৰ" সেঁউতাত জ্বলি থকা 

ৰঙা বেলিটিৰ গাঢ়তাই ক'ব আজি 

"তাই" কিমান সুখী...!!!


কংকণা তালুকদাৰ , মুকালমুৱা