'মা' মোৰ
তুমি যে অনন্যা
হৃদয়ামৃতৰ শ্বাশত বন্যা ।
তোমাৰ হাতৰ কোমল স্পৰ্শত
উমাল উমাল লগা মলয়াৰ বা
হাঁহিত যোৱাৰ আশাৰ সফুৰা ।

অমিয়া ধ্বনি তোমাৰ কন্ঠৰে
কুলু কুলু চেনেহৰ বোৱঁতী সোঁত
চৰণত শৰণ থাপিলো তোমাৰ
পৱিত্ৰ সেৱাৰ থলী আজীৱন মোৰ ।

তোমাৰ দৃষ্টিয়ে দিয়ে উপচাই
ৰামধেনু সাতোৰঙৰ প্ৰেৰণা জগাই,
সময় গতিৰে ভৱিতব্য ভৱিষ্যৎৰ
এন্ধাৰ নিশাৰ যেন জোনাকৰ ঢল ।
 
তোমাৰ বক্ষই বৰষা অমৃত
অপৰিমেয় মোৰ সোৱাদ বুভুক্ষুৰ
সঞ্চিত আজিও মোৰ ৰন্ধ্ৰেৰে নিগৰে
সঞ্জীৱনী আজীৱন টোপালে টোপালে ।

তোমাৰ নিশাহত যেন মলয়াৰ নিৰ্মল
দিলে মোক চিৰ সজীৱ অম্ল নিগৰাই
অফুৰন্ত আৰ্শীবাদ তোমাৰ মমতা হৃদয়ৰ
দুৰ্লভ তুমি দ্বিতীয়ৰ নাই এই ব্ৰক্ষ্মাণ্ডত ।
নাপাও নাপাও ক'তো আছে বাৰু ক'ত ?

ৰণজিৎ গায়ন,শিক্ষক,নগাঁও