তোমাৰ সেউজীয়া দলিচাত গঢ়ি উঠা
জাতি-জনজাতি কৃষ্টি-সংস্কৃতিৰ ,
সমন্বয়ৰ সেঁতুটি
হৈ ৰওঁক চিৰযুগমীয়া ৷
বাজি ৰওঁক মেদিনী কঁপাই
প্ৰতিটো জাতি-জনজাতিৰ উৎসৱৰ সুৰীয়া সুৰ ৷
নৱযৌৱনে পোহৰাই তোলা
জ্ঞানৰ জ্যোতি,
প্ৰগতিৰ জয়গান বিকশিত হৈ ৰওঁক আজি প্ৰন্তে-প্ৰান্তে ৷
তাৰে আলোকৰে
আলোকময় হৈ ৰওঁক চৌদিশ,
নীলিম কপিলীৰ জলৰাশি বৈ থাকক
অনাদি-অন্ত তথা শান্ত সমহিত ৰূপে ৷
কঢ়িয়াই আনক সকলোৰে হৃদয়লৈ
শান্তিৰ এচাটি মলয়া ৷৷

✍🏻কিশোৰ হালৈ
নলবাৰী ,টিহু