আজিৰ পৰা ২-৩ বছৰ আগৰ কথা ! এখন সম্ভ্ৰান্ত ঘৰৰ এজন লৰা নাম তাৰ নেপচুন বৰ্মন । পঢ়া শুনাত খুবেই চোকা ,বহুত শান্ত স্বভাবৰ ;কাকো মুখ দাঙি কথাও নকৈছিল । 


পঢ়ি আছিল তেতিয়া নলবাৰী দি এছ আৰ একাডেমীত উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত । সকলো ঠিকেই আছিল , আন লৰা নিচিনা সিও ফেচবুকত চিনাকি হল এজনী ছোৱালীৰ সৈতে ,আৰু সি তাইৰ প্ৰেমত পৰিল । ছোৱালী জনীৱেও তাৰ প্ৰস্তাৱ মানি ললে । এনেকৈ সকলো ঠিকেই গৈ আছিল । কিন্তু এজাক ধুমুহাই যেন তাৰ জীৱনটো ওলত পালত কৰি তুলিলে ।


সিহঁতৰ সম্পৰ্কত সোমাই গল সন্দেহ , সৃষ্টি হব ধৰিলে তৰ্ক - কাজিয়াৰ ইত্যাদি । তাই তাক হঠাৎ কৈ দিলে যে মই আৰু তোমাৰ লগত থাকিব নোৱাৰিম , আমাৰ সম্পৰ্কটো ইয়াতেই সমাপ্ত কৰা উচিত । এনেকৈ কৈ তাই সঁচাকৈ তাৰ জীৱনৰ পৰা আঁতৰি গল,সি অকলশৰীয়া হৈ পৰিল,তাৰ জীৱন হৈ পৰিল আধৰুৱা , বুকুত যেন তাৰ সৰি পৰিল এখন বিশাল পাহাৰ । ৰৈ গল তাৰ মনত কেৱল কেইটামান প্ৰশ্ন , যে কিয় গল , কি ভুল আছিল , এবাৰ শুধৰাব সুযোগ নাপাম নেকি , নাপাম নেকি কেতিয়াও তাইক লগ ?????????


সি অস্থিৰ হৈ পৰিল ! তাৰ প্ৰশ্নবোৰ - তাইক লগ কৰি এবাৰ বুজাব খোজা কথাবোৰে যেন তাৰ ভিতৰত অগ্নিয়গীৰিৰ সৃষ্টি হৈ উঠিল । খং বাঢ়িল , যিজন লৰাই কেতিয়াও ডাঙৰকৈ এটা কথা কোৱা নাছিল সেইজন লৰাই ঘৰত উৎপাত কৰিব ললে । অন্য মাক - দেউতাকৰ নিচিনা তাৰ মাক - দেউতাকৰো চিন্তা হল যে হঠাৎ ইমান শান্ত লৰা জনৰ কি হল । তাক সুধিলে তাৰ মাথোঁ একেটাই কথা, "মোক তাইক লগ কৰাই দিয়া , মই তাইৰ লগত এবাৰ কথা হব খোজোঁ " - কথাষাৰ শুনি দেউতাক চিন্তিত হৈ পৰিল , ভাবিলে তাক লৈ গলে সি বা খংত তাইক কি কৰে । তাৰ মাক দেউতাকৰো উপাই নাই নিজৰ সন্তানৰ লগতে বেলগৰো কথা ভাবিছে ।

এনেকৈ ১-২ মাহ পাৰ হল ,,,,তাৰ খং উৎপাত বাঢ়ি গল ।

তাৰ মন ভাল হব বুলি তাক বহুতো কলেজত নাম ভৰ্তি কৰি দিলে , তাক ক্লাছ কৰিব দি দেউতাকে বাহিৰত ৰৈ থাকে । 


এনেতে কিছুমান সংগৰ লগত পৰি যিজন লৰাই তামোল অকণো খাই পোৱা নাছিল সি ৰাগীয়াল বস্তু সেৱন কৰিব ললে । নামেই যাৰ ৰাগীয়াল , আৰু খং - উৎপাত বাঢ়ি গল তাৰ ......তাইক লগ কৰাই নিদিয়াৰ বাবে সি বহু বাৰ আত্মহত্যাৰ চেষ্টা কৰিব ধৰিলে,কিন্তু ভগৱানে সেইটো হবলৈ নিদিলে । এনেকৈ দিন গৈ আছিল । 

এদিন ৰাতি ১১ মান বজাত , সি আনদিনাতকৈ বহু গুনেই বেছি উগ্ৰ হৈ উঠিল , ওলাই আহিল ঘৰৰ চোতালত ,কব ধৰিলে আজি মই যামেই আৰু তাইক লগ কৰিম । মাক দেউতাকে ভয় খাই ওচৰ চুবুৰীয়াক তাক বুজাবলৈ আৰু ৰখাবলৈ মাতিলে ,তাক সকলোৱে বুজোৱাত লাগিল,কিন্তু নাই কোনেও তাক বুজাব নোৱাৰিলে ।সি কেৱল কৈ থাকিল যে মই আজি যামেই লাগিলে মই আপোনালোকৰ লগত মাৰ পিট কৰিবলৈ সাজু ।এনেকৈ কৈ সি দৌৰ মাৰিলে আৰু ইপাৰৰ পৰা সিপাৰলৈ দৌৰিবলৈ ললে ,সকলো তাৰ পিছে পিছে দৌৰি থাকিল ! কোনোমতে তাক গাঁৱৰ দুজনমান দাদায়ে ধৰি আনি ঘৰত সোমোৱাই থলে।এনেকৈ গোটেই ৰাতিটো তাক পহৰা দি থাকিল সকলোৱে । মাক দেউতাকৰ অৱস্থা বেয়া হৈ পৰিল ,কি কৰো কি নকৰো কৰি ভাবি ৰৈ থাকিল । 


ৰাতি পুৱাল, হঠাৎ তাৰ ঘৰৰ আগত এখন গাড়ী ৰখাই আৰু মানুহ এজন নামি  তাক মাত লগাই কলে ব'লা আজি তোমাক তাইক লগ কৰাই দিম । সি আনন্দত ক'ব নোৱাৰা হল আৰু তাইক লগ কৰিব যাবলৈ আনন্দ মনেৰে সাজু হল । গাড়ীত উঠি গল গৈ সি কিন্তু সি আছিল অজ্ঞাত যে তাক লগ কৰাবলৈ নহয় লৈ গৈ আছিল নিছা মুখ কেন্দ্ৰলৈ যত বিভিন্ন ধৰণৰ লৰাক ৰাখে ।

দুমাহ তাত কটালে সি কেনেবাকৈ ,তাতো তাৰ উৎপাত কমা নাছিল যদিও লাহে লাহে লগৰ বন্ধু পাই অলপ ঠাণ্ডা হল । 


এইফালে দেউতাকে সিদ্ধান্ত ললে যে তাক ইয়াত মানে ঘৰত বা নলবাৰীত ৰাখিব নোৱাৰি , যদি সি আৰু তেনেকুৱা কৰে তেতিয়া কি হব । গতিকে তাক ইয়াত ৰখা মানেই বিপদক আমন্ত্ৰণ কৰাৰ নিচিনা । এনেকৈ দুমাহ পিছত তাক ঘৰলৈ নানি চিধাই কন্যাকুমাৰিলৈ লৈ গল । তাত দুমাহ যোগা কেম্প কৰে আৰু তাৰ পাছত উৰিষ্যালৈ আহি ১মাহ আনক সি যোগ আসন শিকাই,,,

মুঠ ৩ মাহ এনেকৈ যোগ আসনৰ লগত দিন কটোৱাৰ পিছত সি আৰু তাৰ দেউতাক ভাৰতৰ ৰাজধানী দিল্লীলৈ আগমন কৰে , তাত বি.এ'ত নাম লগাই লগতে বহুতো চাকৰিত ইণ্টাৰভিউ দিয়ে আৰু এটা চাকৰি পালে । এতিয়া সি বহুত ব্যস্ত হৈ পৰিল , সময় নোহোৱা হল তাৰ আগৰ কথাবোৰ ভাবিবলে । 

দুবছৰ পাৰ হল ,কভিড মহামাৰীৰ সময় - নিজ অসম নিজ স্থানত উভতি অহাৰ সিদ্ধান্ত ললে দেউতাকে । আজিৰ পৰা দুমাহ আগত উভতি আহিল আমাৰ নেপচুন ,,, 


কোনেও ভবা নাছিল , বহুতেই হাহিছিল যে সি কেনেকৈ ভাল হব আৰু । কিন্তু , তাক এতিয়া ওচৰত পাই আমি সকলোৱে আচৰিত যে সেই সৰুতে আমাৰ মা হতে উদাহৰণত ব্যৱহাৰ কৰা নেপচুনতকৈ অধিক শক্তিশালী আৰু জ্ঞানী লগতে ভাল হৈ উভতি আহিল । 


এতিয়া সি চাকৰি কৰি আছে ঘৰৰ পৰা আৰু THE VOICE OF NORTHEAST ই-মেগাজিনৰ নিচিনা এখন মেগাজিনৰ জন্ম দিয়ে আৰু মূখ্য সম্পাদক হিচাপে পদ গ্ৰহণ কৰে । 

সঁচাকৈ তাৰ জীৱনটো কোনো হিন্দী চিনেমাৰ কাহিনীতকৈ কম নহয় ।


ধন্য ! তাৰ সেই দেউতাকক যিনে তাৰ প্ৰতিটো খোজত তাৰ লগত আছিল বা আছে ! 

ধন্য ! সেইজনি মাতৃক যিজনিয়ে হাৰ নামানি ৰৈ আছিল নিজৰ মৰমৰ পুত্ৰই এদিন উভতি আহিব বুলি ।

ধন্য ! সেই বায়েকক যিয়ে তাৰ সাহস হৈ তাৰ লগত আছিল ।

আৰু ধন্য ! নেপচুন তুমি জীৱনটো জয়ী কৰা বাবে , তুমি আমাৰ সকলোৰে বাবে প্ৰেৰণা হৈ ৰবা ।

তুমি এজন সঁচা অৰ্থত যোদ্ধা , জীৱন জয়ী কৰা যোদ্ধা


বন্ধু সকল ! আমি নেপচুনৰ জীৱনৰ পৰা আৰু তাৰ পৰা শিকিব লাগে ,যে জীৱনত ঘাট প্ৰতিঘাট আহিলেই আমি তাৰ পৰা নপলাই , যুঁজিব শিকিব লাগে । এদিন হলেও আমি জয়ী হম ।

আৰু প্ৰেম কৰিব লাগে ,প্ৰেম অবিহনে আমি আধৰুৱা কিন্তু প্ৰেম নিজক কৰিবলৈ শিকক , জীৱনটো মাথোঁ এবাৰেই পাইছে । 



ধন্যবাদ ।



~~ দ্বীপজ্যোতি ডেকা 

পৰিচালক , THE VOICE OF NORTHEAST