মনটো কিবা এটা ভাল লাগি থকা নাই,ঘৰত থাকিও আজি কিবা আমনিহে লাগিছে।কি কৰো...কৰিবলৈ দেখুন একো বিচাৰিয়ে পোৱা নাই।ভাবি ভাবি বিছনাখনতে পৰিলোঁ।

বহুত দিন ফেচবুকটো চোৱা নাই,আজি তাকে চাওচোন,,মনটো ভাল লাগেই কিযানি। মোবাইলটো লৈ ফেচবুকটো open কৰিলোঁ।বহুত notification আহি আছিল,লগতে কেইবাটাও মেচেজ।মই মেচেজবোৰত ইমান গুৰুত্ব নিদিলোঁ।notification বোৰ চালোঁ...

তেনেকৈ চাই থাকোতেই হঠাৎ এখন ফটো দেখি মোৰ মনটো সঁচাই বহুত ভাল লাগি গ'ল।ফটোখন বেলেগ কাৰো নহয়,, মোৰ ভাল লগা সেই ল'ৰা জন।আজি তেওঁক বহুত দিনৰ মূৰত দেখিলোঁ।মই এক ছেকেণ্ড ও নোৰোৱাকৈ ফটোখনত এটা love react কৰিলোঁ।তেওঁক মোৰ ভাল লাগে সঁচা,কিন্তু আজিলৈকে মই তেওঁৰ লগত কথা পাতিয়ে পোৱা নাই।কথা পাতিবলৈ মন যায়..ভয়ো লাগে নহয়।কেনেকুৱা বা তেওঁ,মেচেজ কৰিলে বেয়া পাবও পাৰে।সেইবুলি ভাৱিয়ে মই আজিলৈকে মেচেজ কৰা নাই। তেওঁৰ প্ৰত্যেক খন ফটোতেই মই love react কৰোঁ।লগৰবোৰকো দেখুৱাও..."চা না এই লৰা জন দেখিবলৈ ইমান ধুনীয়া। মোৰ যে তেওঁৰ লগত কথা পাতি চাবলৈ মন যায় জান... তেওঁৰ বাৰু GF আছে নে নাই?জানিব মন যায়।"

লগৰ বোৰে তেতিয়া হাঁহি মাৰি কয়,কিয় নাথাকিব..ইমান ধুনীয়া ল'ৰাটোৰ GF নাথাকিব নে।মইও বেকাকৈ হাঁহি এটা মাৰি থৈ দিওঁ,কিনো কম আৰু।

   সঁচাই তেওঁ বৰ মৰম লগা😘   আজি মেচেজ এটা দিয়ে চাও নেকি যি হয় হ'ব।এহ, নাই নিদিওঁ...এনেকৈ আঁতৰৰ পৰা চাই থাকিয়ে ভাল লাগিছে তেওঁক।তেওঁৰ কথা ভাবি ভাবিয়ে মই শুই গ'লোঁ।

সন্ধিয়া লাগি গ'ল,তেতিয়া লৈকে শুইয়ে আছোঁ।হঠাৎ মাৰ মাতত সাৰ পাই গ'লো। মায়ে চিঞৰি আছে..."মাইনু,তোৰ উঠিব হোৱাই নাই নেকি?উঠ আক...মই চাহ বনাইছোঁ।"মই শুৱাৰ পৰা উঠিলো আৰু চাহ কাপ লৈ অলপ বাহিৰতে বহিলো।বাহিৰৰ মুকলি আকাশখন বৰ ভাল লাগিছে।এক নিৰ্জন পৰিৱেশ।

 কিয় জানো বাৰে বাৰে সেই ল'ৰাজনৰ ছবিখনেই আমনি কৰি আছে।তেওঁৰ মিছিকিয়া হাঁহি,ডাঠ চেলাউৰীজুৰিৰে  সতে সঁচাই তেওঁক বৰ মৰম লাগে।কেতিয়াবা তেওঁৰ লগত কথা পতাৰ সুভাগ্য বাৰু মোৰ হ'বনে? এনেকৈয়ে কেইবাদিনো পাৰ হ'ল।অৱশেষত সেই দিনটো আহিল।মোৰ ভাল লগা ল'ৰাজনৰ সতে কথা পতাৰ সুভাগ্য মোৰ আহিল।

 

 আজি মোৰ online class নাই।গতিকে আজি এটা ধুনীয়া story লিখিম।কিন্তু তাৰ আগত ফেচবুকত এখন ফটো upload কৰি লওঁ।মোৰ আটাইতকৈ ভাল লগা ফটোখন upload কৰিলোঁ।ফটোখনত অহা like, comments বোৰ চাই আছোঁ।তেনেতে সেই ল'ৰাজনৰ পৰাও এটা comment আহিল।মই তেওঁক commment ৰ reply কৰিলোঁ।তাৰ অলপ পাছতেই মোলৈ Messenger ত এটা মেচেজ আহিল।Messenger টো খুলি চাই দেখো তেওয়েই দেখুন মেচেজ কৰিছে।মই যে ফূৰ্তিত ক'ব নোৱাৰা হৈ গ'লো।অকণো পলম নকৰি মই তেওঁৰ মেচেজৰ reply কৰিলোঁ।মনটোত এক বুজাব নোৱাৰা অনুভূতি জাগি উঠিল।

  আজি তেওঁৰ লগত কেৱল চিনাকিহে হ'লো।বেছিকৈ একো সোধা নহ'ল।এনেকৈয়ে মাজে মাজে তেওঁ দুই এটা মেচেজ কৰে।মই ভবাৰ দৰে তেওঁক ভয় কৰিব লগা একো নাই।তেওঁ বৰ সহজ-সৰল।তেওঁক যে মোৰ ভাল লাগে এই কথা তেওঁ নাজানে।পিছে তেওঁ মোক এটা কথা কৈছে,তেওঁ হেনো মোক like কৰে।কথাটো জানি মোৰ যে কিমান ভাল লাগিছে।কিন্তু,মইহে এতিয়া কেনেকৈ কওঁ মোৰো যে তেওঁক ভাল লাগে.................................

  কেতিয়াবা পিছে এনেকৈও ভাললগা অনুভৱবোৰ হৃদয়ত সাঁচি ৰাখিয়ে কিবা এটা আনন্দ পোৱা যায়।

   আজি মোৰ মনটো খুব ভাল।ভাল লগা অনুভৱ বোৰেৰে উকা কাগজৰ বুকুত ৰঙা চিয়াঁহীৰে তেওঁক লৈ এটি সৰু story লিখি পেলালো।Story টোৰ নাম দিলোঁ...."ফেচবুকৰ ভাল লগা ল'ৰাজন।"

    ফেচবুকত তেওঁ মোৰ লিখিনিবোৰ প্ৰায়ে পঢ়ে।এদিন তেওঁ মোক কৈছিল,"মোক লৈয়ো এটা story লিখিবাচোন।"আজি লিখিয়ে পেলালোঁ।আৰু এদিন মোৰ এই story টোৰ যোগেদিয়ে তেওঁক বুজাই দিম যে তেওঁকো মোৰ ভাল লাগে।।


~~~~~~~BORKHA RANI BORAH  - GNM ,JORHAT