প্ৰতি,

মৰমৰ  জান,

মৰম লবা । তোমালৈ বুলি মনৰ কিছু অনুভৱ,কিছু কথা প্ৰকাশ কৰিম বুলিয়ে হাতত কলমটো তুলি লৈছো ।আশা কৰো তুমি কুঁশলে আছা ।মোৰ নো আৰু কি কম,আছো দিয়া এটি সপোন হেৰুৱা,দিকভ্ৰান্ত পথিকৰ দৰে ।বহুদিনৰ মূৰত আজি হয়তো আমনি কৰিছো তোমাৰ সুখৰ সময়ত । মোৰ  উৰুখা পঁজাত আজিও ৰাখিছো তোমাৰ স্মৃতি ।যিদিনা চিৰদিনৰ বাবে আতঁৰি গৈছিলা সেইদিনায়ে তোমাৰ মৰম,ভালপোৱা আৰু বিশ্বাসবোৰ জ্বলাই দিছিলো চিতাৰ দৰে । তথাপি আজিও নোৱাৰিলো নিজকে সুখী কৰিব লগতে তোমাক পাহৰিবলৈ । এতিয়া মোৰ ঠাই ক’ত জানা...কেতিয়াবা নৈৰ পাৰত ,কেতিয়াবা আলিৰ দাঁতিত, আৰু কি জানা এতিয়া মোৰ এজনী নতুন জীৱন সংগী আহিল, নামটো কলে খং কৰিবা নেকি...? নাই নাই ,তুমি নকৰা মই জানো । নামটো হ’ল "মদিৰা"  । হাঁ হাঁ হাঁ । হাঁহিটো যে মাৰিছো,এইটো কিহৰ জানা, নিজৰ দুখবোৰ যে মদিৰাৰ সতে বিলীন কৰি ফাঁকি দিছো তাৰ ।

সেয়াই মোৰ জীৱন । 

          জান, অ’ জান...আজিও বৰকৈ মনত পৰে তোমাৰ কথা । সেই যে প্ৰথম দেখিছিলো, তুমি যে আমাৰ বাটেৰে টিউচনলৈ চাইকেল চলাই আহিছিলা, মইওঁ নঙলামূখতে ৰৈ আছিলো । তোমালৈ ৰ’ লাগি চাই ৰৈছিলো,তুমিও পিছে কেৰাহিকৈ চাইছিলা । তোমাক সেইদিনা দেখিয়ে প্ৰেমত পৰিছিলো । তোমাৰ সহাঁৰি মতেই আজীৱন মই তোমাৰ আৰু তুমি মোৰ বুলি ইজনে আনজনক কথা দিছিলো । আজিও নপৰেনে মনত তোমাৰ, সেই ৰঙীণ দিনবোৰৰ কথা...! নপৰেনে নৈৰ পাৰত কটোৱা সময়খিনিৰ কথা, নপৰেনে তোমাৰ দিনটোত এবাৰ মোৰ মাত নুশুনিলে উচুপি উঠাৰ কথা ।

পাহৰিলা, নে পাহৰাৰ নাটক কৰিছা ।

এনে কি ভুল কৰিছিলো,এনে কি কথা আছিল যাৰ বাবে হিয়াত বেদনাৰ বিষ ধালি আতঁৰি গৈছিলা । তুমি মই ৰচা সেই সপোনবোৰ , সেই কল্পনাবোৰ এক মুহূৰ্তত ভাঙি–চিঙি থৈ গ’লা  । তুমি ইমান নিষ্ঠুৰ নে...?

কিমান উজাগৰি নিশা পাৰ কৰিছো , কিমান দিন নিৰৱে চকুলো টুকিছো ,সেইবোৰৰ জানো মূল্য দিব পাৰিবা ।

নোৱাৰা, কেতিয়াও নোৱাৰা ।

হয়তো নতুন প্ৰেমিকে থিতাপি ললে তোমাৰ কলিজাঁত । যাৰবাবে চিৰদিনলৈ আতঁৰি গ’লা । প্ৰেমিকজন চাগে চাকৰীয়াল লগতে মোতকৈও বেছি হেণ্ডচাম, নহলে জানো এৰি যোৱা ।

    বাৰু, চিঠিখন বেছি দীঘলীয়া কৰি তোমাক আমনি নিদিওঁ । পাৰিলে চিঠিৰ উত্তৰবোৰ দিবা । যদিও তোমাৰ মই হ’ব নোৱাৰিলো তথাপি মই আশা কৰিম তুমি যাতে সুখী হোৱা ।

শেষত,তোমাৰ জীৱনটো সুন্দৰ তথা মনোকামনা পূৰ্ণ হওঁক তাৰেই কামনাৰে সামৰিলো...

ইতি

তোমাৰ ব্যৰ্থ প্ৰেমিক

কিশোৰ