বেৰ এখন বাঢ়িছে , 

আমাৰ সম্পৰ্কৰ মাজত  ।

ভায়ে ভায়ে , সম্প্ৰদায়ে সম্প্ৰদায়ে 

তুমি হিন্দু ,  মই যে মুছলমান ! 


সন্মুখলে চোৱাচোন , 

হিংসাৰ জুইকুৰা ও 

দপদপাই জ্বলিছে , 

ক্ৰমশ বেৰখন বাঢ়ি গৈছে 

আমাৰ সম্পৰ্কৰ মাজত । 


অ' শুনাচোন , 

জ্ঞানীজনে কৈছিল , প্ৰেম হেনো অমৰ , 

ঈশ্বৰে হেনো মানুহহে সৃষ্টি কৰিছিল , 

জাতি কিম্বা হিংসা নহয় ! 

তথাপি চোৱাচোন 

সম্প্ৰদায়ৰ বেৰখনো যে ক্ৰমাৎ বাঢ়ি গৈছে 

আমাৰ সম্পৰ্কৰ মাজত ।


তুমি যে হিন্দু , 

মই মুছলমান ।

তোমালে অনুৰোধ 

তুমি হিন্দু নহ'বা , 

নহ'বা মুছলমান , 

তুমি খৃষ্টানো হ'ব নালাগে , 

যদি হোৱা মোৰ , 

তেন্তে মানুহ হোৱা 

এইখন পৃথিৱীৰ ! 

জিন্টু দাস