মোমায়েকৰ ঘৰত ডাঙৰ দীঘল হোৱা এই প্ৰেৰণাজনীয়ে পঢ়ি শুনি এগৰাকী সাৱলীল আৰু শক্তিশালী মহিলা হিচাপে নিজকে স্বীকৃতি দিয়াৰ সপোন মনতে সদায় পুহি ৰাখিছিল । নেদেখাজনৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছিল যাতে তাই তাইৰ সপোনক বাস্তৱত ৰূপায়িত কৰিব পাৰে । 

         সময়বোৰ তেনেকৈয়ে পাৰ হৈছিল । জীৱনত অহা প্ৰতিটো ধুমূহা অকলেই পাৰ কৰাৰ পূৰ্ণ প্ৰতিশ্ৰুতি লৈ আগবাঢ়িছিল তাই তাইৰ সপোনৰ পৃথিৱীলৈ ।

       মোমায়েকৰ ঘৰত থকা হেতুকে সিহঁতে সকলো ধৰণৰ সুযোগ সুবিধা পাইছিল যদিওঁ সকলোবোৰ অসম্পূৰ্ণৰূপেহে পায় । মামীয়েকৰ মুখত কথাৰ মূৰে মূৰে ঠাট্তা নিন্দাবোৰ শুনি শুনি সিহঁতৰ কাণ পকি গৈছিল । তথাপি হাৰ মনা নাছিল সিহঁতে , থকাৰ চালিখনৰ বাবে সকলো সহিয়ে থাকিল । 

      প্ৰেৰণাৰ তেতিয়া  ২০ বছৰ , ভায়েকৰ ১৮ বছৰ । এগৰাকী ছোৱালী হিচাপে নিজৰ দায়িত্ব সূচাৰুৰূপে পালন কৰি যোৱা এই প্ৰেৰণাজনীৰ ভায়েক পলাশ পিছে ধ্বংশৰ মূখত পৰিল তেতিয়া যেতিয়া নিজৰ দায়িত্ববোৰক বোজা হিচাপে গ্ৰহণ কৰি সি খাব লৈছিল মদ , ভাং , চিগাৰেটৰ দৰে আসক্ত তথা বিষ সদৃশ এই দ্ৰব্যবোৰ । নিজৰ কথা নভৱা এই পলাশক কোনেও গুৰুত্ব নিদিয়া হোৱাত সি হৈ পৰিল দ্ৰাগছ্ ৰ দৰে মাদকদ্ৰব্যত আসক্ত । আৰু প্ৰায় কম দিনৰ ভিতৰতেই সি মৃত্যুক আকোৱালি ল'লে আৰু প্ৰেৰণাক অকলশৰীয়া কৰি মুক্তি ল'লে এই স্বাৰ্থপৰ সমাজখনৰ পৰা । অ' সি ভাল নাছিল , মদ ,ভাং , চিগাৰেটৰ দৰে বেয়া বস্তুবোৰ সেৱন কৰিছিল , কিন্তু সেইবোৰ কৰিবলৈ তাক বাধ্য কৰিছিল পৰিস্থিতিয়ে । নিজকে শেষ কৰি দিলে সি সেই পৰিস্থিতিৰ বাবে । কিমান আৰু সহ্য কৰিব ও ??

         কিন্তু ইয়াটো মানুহে প্ৰেৰণাকেই দোষী সজালে । আলাসৰ লাডু কৰি ফুলদানি কৰি সজাই থোৱাৰ ফলতেই হেনো পলাশৰ মৃত্যু হ'ল , নিজৰ ভাগৰখিনি খোৱাই তাক ডাঙৰ দীঘল কৰাৰ চেষ্টা কৰাই হেনো পলাশৰ মৃত্যু হ'ল । দুই - এটা টিউচন কৰি পোৱা টকাকেইটাৰ পৰা কিছু টকা কলেজলৈ যাওঁতে খাবলৈ দিয়া বাবেই হেনো পলাশৰ মৃত্যু হ'ল । আদি বিভিন্ন অপবাদেৰে তাইক সৰজিলে এইখন সমাজে । 

        তাইৰ জন্মৰ পিছতেই মাকৰ মৃত্যু হৈছিল । সেয়াও হেনো তাইৰেই দোষ । তাই পাপী , যাৰবাবে জন্মৰ পিছতেই মাকৰ গাখীৰকনো খাব নাপালে বুলি নিন্দা কৰে তাইক বহুতে । 

        তাই পিছে কাকো কেতিয়াও ওলোটাই নকয় , সহি গৈছে সকলো । সকলোৱে দেখাত তাই নাকান্দেও । সদায় হাঁহি থাকে তাই ,  যাতে তাইৰ হাঁহিত শত্ৰুৱে লাজ পায় , তাইক ঠাট্তা নকৰা হয় । 

কেৱল বিশ্বাস কৰে ভগবানক , প্ৰাৰ্থনা জনায় ঈশ্বৰক ,  " হে প্ৰভু , মই বাৰু সচাঁকৈ পাপী নেকি ?  প্ৰত্যেটো ঘটনাৰ বাবে মই নেকি দোষী ? প্ৰভু , মই জন্মলোৱাটোৱেই পাপ নহয়টো ?

          আদি বিভিন্ন প্ৰশ্ন কৰে ভগবানক তাই আৰু কান্দে । পিছে উত্তৰ ,  উত্তৰ কোনে দিব তাইক ? হয়টো সময়ে । আৰু সেইবাবেই সকলো সহি তাই আগবাঢ়িছিল নিজৰ সপোনৰ পথত । 

          দিনবোৰ গৈ থাকিল । প্ৰেৰণাৰ জীৱনলৈ আহিছিল তাইৰ সপোনৰ ৰাজকুমাৰজন ।

        প্ৰেৰণাৰ জীৱন সংগ্ৰামৰ প্ৰতিচ্ছৱিখনৰ লগত সি আছিল চিনাকি ! ভুল - শুদ্ধ বিচাৰ কৰিব জনা তাৰ নাম আছিল সৌৰভ । জীৱনৰ বাটত প্ৰতিটো খোজত ইজনে সিজনৰ হাতত হাত থৈ আগুৱাই যোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে সিহঁত আগবাঢ়িছিল নিজৰ লক্ষ্যপথত । সাক্ষী আছিল নেদেখাজন , আছিল সাক্ষী এইখন সমাজ । 

         পিছে সিহঁতৰ এই সুখ , এই আনন্দ বেছি দিন নাথাকিলে । প্ৰেৰণাৰ জীৱনত জানো ইমান সহজে নেদেখাজনে সুখ লিখিছে ? জন্মৰ পিছতেই মাকক কাঢ়ি নিলে , ১০ বছৰ বয়সত পিতৃ , আৰু ২০ বছৰ বয়সত ভায়েক পলাশক । এইবাৰ আকৌ কি দুখ লিখিছে ভগবানে এই অভাগিনি প্ৰেৰণাৰ কপালত ?? 



~~~ জিন্টু দাস , বাক্সা