এটি স্নিগ্ধ জোনাক তোমাৰ নামত ।

ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়ালে ,

মৰমবোৰে অগা-দেৱা কৰে ।

এহাল উন্মুক্ত চৰাইৰ দৰে 

ব্যাকুল হৈ প্ৰেমবোৰ ।

বহুত আশাৰে প্ৰতিক্ষ্যা 

এটি স্নিগ্ধ জোনাক তোমাৰ নামত ।

যেতিয়া ৰাতিৰ আকাশত ,

তৰাবোৰে শুব ,

যেতিয়া জোনাকে পৃথিৱীক সাৱতিব ,

তেতিয়া তোমাৰ মৰম বোৰ উপচি পৰিব ।

দুটি মন এক হব ।

জোনাকৰ উত্তাপত জ্বলিব ,

কোমল হিয়াৰ পৰশবোৰ ;

কব নোৱাৰাকৈ চকু দূহালে ,

অমৃতপান কৰিব ।

নিৰবধিৰ ভাবে গতি কৰিব ,

উঠৰ পৰশবোৰ ;

সাক্ষী হৈ ৰব , এটি স্নিগ্ধ জোনাক ।

হিয়াৰ চাকিটী এবাৰ জ্বলিব ,

এবাৰ নুমাবো ;

মৰমবোৰে বাগৰ সলাব 

মৌসনা মৰমেৰে সিহৰণ হব ,

অতৃপ্ত কলিজাটো ।

এটি স্নিগ্ধ জোনাক 

তোমাৰ নামত !!!!!!!

---Purabi Devi,Janigog Nalbari